পৃষ্ঠা:কুলাচল বধ.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
কুলাচল বধ।


মনৰ ভিতৰে আবে,  প্ৰকাশ ভৈলেক ভালে
 তোমাৰ প্ৰশ্নৰ প্ৰসাদত॥
এহি বুলি ধৰ্ম্মপক্ষী  প্ৰেমে গদ গদ ভাৱে
 গুৰু স্মৰি হৰিক স্মৰিলা।
প্ৰথমতে যুধিষ্ঠিৰে, ভ্ৰাতৃৰ মৰণ শুনি
 যিকৰিলা তাহাকে কহিলা॥
পক্ষিগণ নিগদতি, শুনা মুনি মহামতি,
 ধৰ্ম্মৰাজা গৃহত আছয়।
ফন্দে বাম কৰ উরু,  বিনাবাতে ভাগেতরু।
 মুখচাই ফেরুৱা ৰটয়॥
গৃধ্ৰ সবে আটাসয়, ঘণে জেঠি টীকাৰয়,
 অগণি দক্ষিণ দিশচনি।
ৰাজাৰ সমুস আসি, হোকুল ব্যাকুল কৰি,
 কান্দে সবে বনৰ হৰিণী।
বাৰম্বাৰ দ্ৰৌপদীৰ, ফন্দয় দক্ষিণ অঙ্গ,
 নকান্দন্তে লোহো বহি যাই।
নিশ্বাস আসয় ঘণে, উঠি সন্তাপিত মনে,
 নৃপতিক বোলন্ত বিনাই॥
শুনিয়োক নৰদেৱ, তোমাক কৰোহো সেৱ,
 চাৰি ভাইৰ মিলিল মৰণ।