পৃষ্ঠা:কুলাচল বধ.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
কুলাচল-বধ।


মহন্তৰ দুঃখচয়, শুনি মন নসহয়,
 তাহাক কহিয়ো তুমি বাপ॥
কুলাচল ধুমকেতু, কোনে তাৰ বধহেতু
 কৰিলেক ধৰণী মণ্ডলে।
তাৰসম পৰাক্ৰমী,  কোনজনে বধিলেক,
 শুনি থাকো কৈয়ো কৌতুহলে॥
ধৰ্ম্ম পক্ষিগণে বোলে, শুনা মহা মুনি বৰ,
 ইটো কথা পৰম গহন।
ভুকুতি মুকুতি ভক্তি,  অবিলম্বে পাৱে সিটো,
 আকষিটো কৰয় শ্ৰৱণ॥
পূৰ্ব্বত নজানৈ কেৱে কৃপাময় ব্যাসদেৱে,
 মাৰ্কণ্ডেয়ে মুনিত কহিলা
মহাগুরু মাৰ্কণ্ডেয়ে,  আমাসাক পড়াইলন্ত,
 ইটো সবে মাধবৰ লীলা॥
তুমি মহা ভাগ্যৱন্ত, তোমাৰেসে হন্তে আবে
 পৃথিবীত হৈবেক প্ৰচাৰ।
ইহাক শ্ৰৱণ কৰি, কলি পাপ সাগৰত,
 লোক সব হৈবেক নিস্তাৰ॥
কিনো মহা ভাগ্যোদয়,  আমাৰ মিলিল আবে
 বিষ্ণু বৈষ্ণৱৰ কথা যত।