পৃষ্ঠা:কুলাচল বধ.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
কুলাচল বধ ৷

মহা বেগ কৰি তাৰ হিয়াত পড়িল।
খৰতৰ বেগে পিঠিপাছে সৰকিল॥
তিনি গোট সৰ্প যেন পশিল গৰ্ত্তত৷
ধনুবাণ এড়ি ৰাজা পড়িল ৰথত॥
দুই দণ্ড মানে পড়ি নিচুকি আছিল।
নিমাইবাৰ বহ্নি যেন দুগুণে জ্বলিল॥
ধনুখন ধৰি বাৰে কৰিলা টঙ্কাৰ।
মহাচোটে শৰ সব হানিলা অপাৰ॥
ঠাট ঠাট অৰ্জ্জুনৰ পড়য় গাৱত।
শৰ হানিবাৰ শ্ৰুত নপাৱে তাৱত॥
পুস্খমানে তলগৈয়া বহে শৰচয়।
পাণ্ডু পুত্ৰ অৰ্জ্জুনৰ মৰণ মিলয়॥
ধনুশৰ এড়ি বীৰ ভূমিত পড়িল।
কৃষ্ণ কৃষ্ণ বুলি পাছে চেতন হৰিল॥
পড়িল অৰ্জ্জুন দেখিলন্ত ভীম বীৰ।
হা প্ৰাণভাই বুলি অস্থিৰ শৰীৰ॥
দেখি কুলাচল ৰাজা ৰথৰ নামিল।
অৰ্জ্জুনক আনিবাক সত্বৰে চলিল॥
বোলে পৰাক্ৰমী ইটো মহাবলী যাৰ।
ইহাক নগৰে নিয়া কৰো প্ৰতিকাৰ॥