পৃষ্ঠা:কুলাচল বধ.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
কুলাচল-বধ৷

কুলাচল দানবৰ মনত বিস্ময়।
আছল মনুষ্য কিনো পৰম দুৰ্জ্জয়॥
বিকৃত মুণ্ডিল সবে ডাঁৰি লোমচয়।
ধনুধৰি অৰ্জ্জুনক গৰ্জ্জিয়া মাতয়॥
শুন অৰে মনুষ্যৰ চৱা অপজন।
মোহোৰ হাতত তোৰ মিলিবে মৰণ॥
ঢিল পায়া মহতালি কৰিয়া ফুৰিল৷
এবেসে যুঝস ৰণ টানত বাজিল॥
আজি যেবে প্ৰাণ ৰহে কৰিবি মহত্ত।
বীৰ বখানিয়া তেবে ফুৰিবি লোকত॥
অনন্তৰে কুন্তীৰ তনয় বীৰবৰ।
দানৰ ৰাজাক হেন দিলন্ত উত্তৰ॥
কতনো ঢকুৱা ফাৰ দানব বৰ্ব্বৰ।
সহ আজি পৰাভব মোহোৰ শৰৰ॥
শূলনষ্ট ভৈল তোৰ ততো লাজ নাই।
আমাৰ আগত হেন কৰ মুনিসাই॥
পক্ষিগণে বোলে মুনি শুনা মহাশয়।
এহিবুলি অৰ্জ্জুনে ধনুক ধৰি তয়॥
মহাভয় বাণ তিনিপাট যুৰিলন্ত।
প্ৰচণ্ড আটোপে কোপে হানি পঠালন্ত॥