পৃষ্ঠা:কুলাচল বধ.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
কুলাচল-বধ ৷

এহিবুলি কোল চাপি হাত মেলিলেক।
গদাধৰি বায়ু সুতে পাইলেক প্ৰত্যেক॥
ধৰিবাকে মনে মাথা চাপৰ কৰিল।
গাৱবলে কাতি কৰি কোব এক দিল॥
যেন পৰ্ব্বৰ শৃঙ্গে বজ্ৰ প্ৰহাৰিল।
কুৰি হাত মানে তাৰ শৃঙ্গক ভাঙ্গিল॥
ষাঠি হাতমানে সিটো বাগৰিয়া গৈল।
আরু কোব মাৰি বাক ভীমে খেদি গৈল॥
দেখি আথে বেথে কৰি উঠি মহাৰাগে।
ভীমৰ কোখত খোঞ্চা দিল শৃঙ্গ আগে॥
তীক্ষ্ণতৰ শৃঙ্গৰ প্ৰহাৰ তান ভৈল।
মহা চোটে বায়ুৰ পুত্ৰৰ প্ৰাণ গৈল।
শৃঙ্গৰ বিষত সিটো যমক দেখিল।
অপোনাৰ শৃঙ্গ গোট হাতে তুলি লৈল॥
ষাঠি গোটা মুনিসৰ ভাৰ তাৰ শৃঙ্গ।
ৰত্ন আভৰণে তাক দেখিতে বিৰিঙ্গ॥
ধাৰে বহি যাই আতি ৰুধিব বিস্তৰ।
গেরু ধাৰ নিজৰয় যেন পৰ্ব্বতৰ॥
দেখিয়া নকুল সহদেব দুইবীৰ।
দুই ভাই পড়িলাত নসহে শৰীৰ॥