পৃষ্ঠা:কুলাচল বধ.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
কুলাচল-বধ।


মহাবীৰগণ আগে পাছে তাৰ
 যোগান ধৰি চলয়।
চাৰিয়ো পাণ্ডৱে  তাহাক দেখিয়া
 ভৈলেক অতি বিস্ময়॥
সহদেবে বোলে  দেখিয়োক দদা
 তাৰ কেনে পৰাক্ৰম।
শতেক মহিষে  ৰথখান বহে
 ত্ৰিভুবনো নুহি সম॥
হাজাৰে হাজাৰে  ৰত্ন অলঙ্কাৰে
 দেখিতে অতি বিড়ঙ্গ।
পৰ্ব্বত প্ৰমাণ  মুণ্ডগোটজলে
 তীক্ষ্ণতৰ দুই শৃঙ্গ॥
ভেৰা ছাগলৰ  মুখ যেন তাৰ
 মুখ অতি ভয়ানক।
ভালেতো গালৰে  আমাক বাধিল
 ইদিশক আসিবাক॥
আৰু দেখা দদা  ইহাৰ লগত
 চলে যত বীৰগণ।
বলয় কিৰিটি  কৰিছে ভূষিত
 সবে দিব্য আভৰণ॥