পৃষ্ঠা:কুলাচল বধ.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
কুলাচল-বধ।

ঋষি বৰ দিয়া আছে আমাক পৰ্ব্বত।
নহৈবে মৰণ মোৰ সীমা ভিতৰত॥
এতেকে কিমতে মোৰ হুইবেক মৰণ।
মোৰহাতে মৰিবে মানুষ চাৰিজন॥
বিচাৰি চাহিলোঁ সবে কেহ আৰ নাই।
চাৰিগুটি মনুষ্য ফুৰয় এহি ঠাই॥
শুনা সভাসদ পদ কুলাচল বধ।
ভুকুতি-মুকুতি আত পাৱয় সম্পদ।
হেনজানি একচিতে কৰিয়ো শ্ৰবণ।
বৈকুণ্ঠক যাইবাৰ যাহাৰ আছে মন॥
অষ্টাদশ ভাৰত নুহিক আৰ তুল।
পুৰণ সংহিতা হুংসকাকী আৰ মূল॥
ভাৰত ভূষণে কহে এড়ি আনকাম।
সভাসদলোকে বেঢ়ি বোলা ৰাম ৰাম॥

দুলড়ি।

পক্ষিগণে বোলে শুনা মুনিসন্ত
 পাছৰ যেন বৃত্তান্ত।
কুলাচল ৰাজা সেনা ভঙ্গ দেখি
 আগবাঢ়ি আসিলন্ত॥