পৃষ্ঠা:কুলাচল বধ.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
কুলাচল-বধ


পৰ্ব্বত সদৃশ অলঙ্কাৰ সব,
 কৰিছে তাক ভূষিত।
নক্ষত্ৰ সহিত, নৱগ্ৰহ সমে,
 চন্দ্ৰমা যেন উদিত॥
কতেক যুগৰ, বয়স ভৈলেক,
 তভো নতু বৃদ্ধহয়।
বল পৰাক্ৰম দেখন্তে তাহক,
 মাৰিবে কোনে পাৰয়
একে ভগবন্ত হৃষীকেশ বিনে,
 কমনে অক বধিব॥
অনুমানে জানো,  আমৰা চাৰিয়ো,
 ভ্ৰাতৃক ইটো মাৰিব॥
হেন বাণী শুনি, মহাবীৰ ভীমে,
 মাতিয়া বোলন্ত পাছে।
শুনা মোৰ বাণী, বাপুসহদেব,
 কৰ্ম্মে যিবা যাৰ আছে॥
জনম যেমন, মৰণক প্ৰতি,
 হুয়া আছৈ নিৰন্তৰে।
ইটো ভূগোলত, মৰণক প্ৰতি
 কেন মুঢ়ে ভয় কৰে॥