পৃষ্ঠা:কুলাচল বধ.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৬
কুলাচল-বধ।


কাৰো ভুরু ভোসণ্ডিল লাগিয়া কুঠাৰ।
লক্ষ লক্ষ দানব পড়িল অনিৰ্ব্বাৰ।
তেজে তোল ৰোল ভৈল সবে ৰণস্থলি।
শোণিতৰ মহা এক নদী যায় বলি॥
কতো অস্ত্ৰ শস্ত্ৰ এড়ি মাৰিল লবড়।
কতো পৃথিবীত পড়ি কৰে ধৰফৰ॥
সহিবে নপাৰি চাৰি বীৰৰ মহত্ব।
ভাগিবে লাগিলা দানবৰ সেনা যত॥
হস্তী ঘোড়া নিকলয় যেহি যৈক ঠাৱে।
বৰ বৰ দৈত্য ভয়ে পাছমুখে ধাৰে॥
দেখিলন্ত কেহো কাৰোঁ ওপৰে পড়য়।
নচাৰে কাহাকো কেৱে খচকি মাৰয়॥
এহি মতে দানবৰ মিলিল প্ৰলয়॥
দেবগণে দেখি ৰঙ্গে কৰে জয় জয়॥
দানব মাৰিলে যেবে হৰিষ লভিল।
সাধু সাধু বুলি সবে পুষ্প বৰিষিল॥
হৰি ভকতৰ কৈত অসাধ্য আছয়।
চাৰি গুটি পাণ্ডব ভৈলেক ৰণজয়॥
দেখি কুলাচল ৰাজা ভয় ভৈলা মন।
ইহাৰ হাতত মোৰ হুইবেক মৰণ॥