পৃষ্ঠা:কুলাচল বধ.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৫
কুলাচ-বধ।


কটাক্ষো নকৰে তাত ভীম মহাবলী।
গদাঘাতে দানবক মাৰয় নিদলি॥
উঠিল দানবমাঝে আৰ্ত্তনাদ ৰোল।
তিনিধীৰে বাণহানি কৰিলেক টোল॥
ধনুৰ কোবত মৰে দশ পাঞ্চ কুৰি।
ভীমত গদাৰ কোবে ফুৰয় বাগড়ি॥
উট বলধি খৰ যান চাগলৰ।
কতো মুৰ শূকৰ কতোহো বিড়ালৰ॥
পৰ্ব্বত সমান একো একো বীৰচয়।
ধনু গদা কোৰে সবে ভুমিত পড়য়॥
কতো বাগুৰাই লাগি ফুৰয় বাগৰি।
তথাপিতো গোটেকো নকৰে পাছ ভৰি॥
এহি মতে দণ্ড দুই মানে যুঝি চয়।
চাৰিয়ো বীৰৰ গাৱে রুধিৰ বহয়॥
বিষৰ ছোটত কতো যমক দেখয়।
তথাপিতো তাক গণাগণ নকৰয়॥
গাদাধনু ধৰি সবে মাৰৈ দৈত্য সেনা।
বাজু এড়ি ভাগে সবে হুয়া চেনাবেনা॥
কাৰো কাটি স্কদ্ধ কাৰো নাকটি ভাগিল।
কতো আধা কটা দৈত্য ভুমিত পড়িল॥