পৃষ্ঠা:কুলাচল বধ.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৪
কুলাচল-বধ।


বায়ু সুতে বোলে কথা ভৈল বিপৰ্য্য়য়।
অন্য়ায়ে আমাক হেৰা দানবে মাৰয়॥
কেন মতে বাপু ৰৈবে জীৱন আমাৰ।
কোনে কৰিবেক দানবক প্ৰতিকাৰ॥
অৰ্জ্জুনে বোলন্ত দদা কৰা থিৰ কায়।
শঙ্কট বেলাত হেলা কাৰ্য্য নুজুৱাই॥
যাবত শকতি আছে তাৰে বৈথা বায়
অনুকুল বাযু হৰি কাষৰ চপায়॥
এতহন্তে ওচৰ চাপিলা বীৰ চয়।
সম্মুখে বাঢ়িয়া সবে প্ৰহাৰ কৰয়॥
গদা মুদ্গৰ আৰ পৰশু অপাৰ।
তাসম্বাৰ গাৱত পড়য় ধাৰা সাৰ॥
চওনাদ কৰি সবে গাৱত পৰয়।
চাৰিয়ো পাওবে বাম হৰি উচ্চৰয়॥
হৰি পদ প্ৰসাদে বুদ্ধিত নথানীল।
চাৰি ভিতি চাৰি বীৰ আটোপে বহিল॥
মহা বলী বৃকোদৰে গদা গোট তুলি।
একোকো নগাণি কোবাই হু বুলি॥
ত্ৰিশুল পৰিখ শেল গদা মুদগৰ।
বৃষ্টিধাৰ যেন সবে পড়ে দানব॥