পৃষ্ঠা:কুলাচল বধ.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
কুলাচল-বধ।


হেন দেখি দানবৰ বীৰ আছে যত।
বুলিবে লাগিলা সবে ৰাজাৰ আগত॥
আমি বিদ্যমানে তুমি যুঝিবে লাগয়।
অল্পবলি মানু ষক আমি কৰোঁ ক্ষয়॥
হেন শুনি দানবক ৰাজা আদেশিলা।
মহা মহাবীৰগণ সমস্তে চলিলা॥
আগ বাঢ়ি চাৰিবীৰ ৰহিয়া আছয়॥
দানবৰ সেনা বেঢ়ি শৰ বৰিঘয়॥
গদা ধনু ধৰি চাৰিবীৰ বলিয়াৰ।
আগত ৰহিয়া আছে পৰ্ব্বত আকাৰ॥
কাণ্ডে খাণ্ডে জাঠি জোঙ্গ হানে মহাছোটে।
চাৰিয়ো বীৰক বিন্ধিলেক গোটে গোটে॥
দেখি বায়ুসুতে বীৰে মন নিয়মিল।
আছোট কবিয়া গাদা পোটক ধৰিল॥
কোবাইবে লাগিলা মহাচণ্ডনাদ কৰি।
দানবৰ বীৰমানে লগাইলে দাদৰি॥
দেখি দৈত্যগণে ধৰি ধনুশৰ কোপে।
হানিবে লাগিলা শৰ পৰম আটোপে॥
নিয়ন্তৰে ভীমক বিন্ধিলা মহাৰাণে।
ছটচটি ফুটি যায় দারুণ সন্ধানে॥