পৃষ্ঠা:কুলাচল বধ.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
কুলাচল-বধ।


যেন মেঘ মাজে কৰে চন্দ্ৰৰ প্ৰকাশ।
হেন চমংকাৰ কুলাচলৰ আভাস॥
অসংখ্যাত সেনা গণ চলে আগে পাছে।
অস্ত্ৰ শস্ত্ৰ ধৰি অতিশয় যুদ্ধ কাছে॥
দেখি চাৰি বীৰ কিছু ভৈলেক জামৰ।
বোলে আজি মিলিল সমৰ ভয়ঙ্কৰ॥
আমাক চালয় সুহি দৈত্যৰ মৰণ।
কৃষ্ণ বিনে কৰৈ কোনে দুৰ্গতি তাৰণ॥
আগ বাঢ়িয়া আমি থাকো বাজুধৰি।
থাৱতে থাকিয়া প্ৰহাৰিবো বেগ কৰি।
এহিমতে তথাতে বহিলা চাৰি ভাই।
অনন্তৰে দানবৰ সেনা পাইলা যাই॥
ৰিণি ৰিণি চাৰিবীৰ দেখি জিঙ্কৰিল।
আচল মনুষ্য দেখে আগতে মিলিল॥
সবাহাকে পাছ কৰি কুলাচল ৰায়।
ৰথবাহি পাণ্ডবৰ আগে গৈলা ধায়॥
হেন দেখি তাৰ আৰ বীৰ গণ যত।
সবেয়ো ধাইলেক খঙ্গে ৰাজাৰ পাছত॥
অনন্তৰে চাৰিবীৰে ধনুবাণ ধৰি।
সচল পৰ্ব্বত যেন কটাক্ষো নকৰি॥