পৃষ্ঠা:কুলাচল বধ.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬২
কুলাচল-বধ।


পাখিময় ভৈল সবে ভীমৰ শৰীৰ।
অকাৰ্য্য় দেখিয়া কোপে ধনঞ্জয় বীৰ॥
ধনুধৰি গন্ধৰ্ব বাণক প্ৰহাৰিল।
কঙ্ক পাখি ছায়া আছে পুৰন্দৰে দিল॥
মন্ত্ৰক উছাৰি তাক প্ৰহাৰিলা ডাটি।
দানবৰ বীৰ সবে পেলায় কাটি॥
কাৰো উরু কটি কন্ধ নাকটি কাটয়।
গিৰিস গিৰিস কৰি ভূমিত পড়য়॥
যেন মহাবায়ু তালফল সবসবে।
অৰ্জ্জুনৰ শৰে তেনে দানবক মাৰে॥
বৃহত যানৰপৰা বাগৰি পড়য়।
গিৰিসিত কৰি মহীমণ্ডল লড়য়।
এহি মতে মৰে দানবৰ সেনাচয়॥
দেব সবে অৰ্জ্জুনক প্ৰশংসা কৰয়।
সাধু সাধু ধনঞ্জয় বীৰ মধ্য সাৰ।
তিনিয়ো লোকত বলে সম নহি যাৰ॥
অসংখ্য দানব বীৰ এক পাট শৰে।
মাৰিয়া পেশিল যিটো যমৰাইৰ ঘৰে॥
পক্ষিগণে বোলে মুনি শুনিয়োক পাছে।
গদাধৰি ভীমসেনো তথা বহি আছে॥