পৃষ্ঠা:কুলাচল বধ.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
কুলাচল-বধ।


যেবে যান্ত চাৰি বীৰ কৰি পথগতি।
দেখত্ত নিমিত্ত আনো বিমঙ্গল অতি॥
আকাশত দেখে কতো দুই সূৰ্য্য জলে।
মুখ চায় ফেরুৱা ৰাৱয় কৌতুহলে।
ঘনে ঘনে গৃধ্ৰসবে কৰৈ কোলাহল॥
বাম বাহু বাম উরু ফন্দয় সকল॥
ভীমে বোলে বাপু ধনঞ্জয় মহা বল।
আমাৰ মৰণ হেতু দেখি অমঙ্গল॥
ইসব অশুভে কহে আমাৰ মৰণ।
কৰে ঘনে ঘনে মোৰ উদবিগ্ন মন॥
ধৰ্ম্ম পক্ষিগণে বোলে শুনা মুনি সন্ত।
এহি মনে চাৰি বীৰে পথত চলন্ত॥
অনন্তৰে ৰিণি ৰিণি দেখয় পাণ্ডব।
যেন কাল মেঘ খণ্ড আসয় দানব॥
মাৰ মাৰ তোল তোল প্ৰজাৰ ঘঞ্চাল।
পৃথিবী ফাটয় গজ ঘণ্টাৰ আস্ফাল॥
আকাশত থাকি দেখে দেব নিৰন্তৰ।
আজি মিলিলেক মহা যুদ্ধ ভয়ঙ্কৰ॥
সবাৰো মাজত মহিষৰ ৰখবৰ।
দিব্যশ্বেত ছত্ৰ খান তাহাৰ উপৰ॥