পৃষ্ঠা:কুলাচল বধ.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
কুলাচল-বধ।


ৰাজাৰ আদেশ সবে শুনি হেন মত।
চলিল ৰণক বেগে সেনাপতি যত॥
পক্ষিগণে বোলে কথা শুনা মুনিবৰ।
পাণ্ডবৰ কাহিনী ইহাৰ অনন্তৰ॥
ৰজনী প্ৰসন্ন দেখি চাৰি বীৰ বৰ।
স্নান কৰিবাৰ হেতু লড়িলা সত্বৰ॥
মহা বেগে গৈলা দুই প্ৰহৰৰ পথ।
স্নান সন্ধ্যা কৰিলন্ত নদীৰ জলত॥
অমৃত সমান সিটো জল সুশীতল।
স্নান পান কৰি অতি ভৈলা কৌতুহল॥
নাহি ক্ষুধা তৃষ্ণা শ্ৰম পানে অমৃতৰ।
স্নান কৰি চাৰি বীৰ উঠিলা সত্বৰ॥
ভীমত পুচিলা পাছে নকুলে নিশ্চয়।
সেহি গোট দদা কুলাচল হয় নয়॥
ধনঞ্জয় দদা বিনাশীল ঘোৰ শৰে।
সেহি কুলাচল হেন মোৰ মনে ধৰে॥
ভীমে বোলে সিটো কুলাচল নুহিকয়।
মহা বীৰ তাৰ পৰাক্ৰম অতিশয়॥
এহিমতে চাৰি জনে কথা আলোচিলা।
অনন্তৰে গৈয়া ৰণ ভুমি প্ৰবেশিলা॥