পৃষ্ঠা:কুলাচল বধ.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
কুলাচল-বধ


ইস্থানক খেদি আসি তোমাকো ধৰিব।
তুমি বিনে আন বীৰে তাক কি কৰিব॥
হেন কথা শুনিয়া ধূম্ৰাক্ষৰ জন।
কৰ কৰ কৰি খঙ্গে চোবাৱে দশন॥
চল মন্ত্ৰীগণ মই বুঝিবাক যাওঁ।
আচল মনুষ্য যম কৰণে পঠাওঁ॥
এহি বুলি মহা কোপে আছে মন্দ জন।
পুহাইল ৰজনী ভৈল আদিত্য প্ৰসন্ন॥
অনন্তৰে কুলাচলে গুণে মনে মন।
ঋষি বৰে মোৰ ঐত নিমিলে মৰণ॥
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্ণি যেহিকি নোহয়।
কদাচিতো মোৰ আত মৃত্যু নুহিকয়॥
নব প্ৰহৰৰ মই নহৈবোঁ বাহিৰ।
তাত মোক মাৰন্তা নাহিকে কোনো বীৰ॥
এতেকে সে ইহাৰ ভিতৰে ৰণ দিবোঁ।
মোহোৰ তিখাল শৰে মানুষ বধিবোঁ॥
এহিমতে আলোচিয়, কৰ্ণদত্ত সুত।
যুঝিবাক মনে পাছে ভৈলেক সংযুত॥
বোলে মোৰ সেনাপতি আছে যত মান।
আগবাঢ়ি লগে চলি যাউক ৰণ স্থান॥

(১৪)