এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
কুলাচল-বধ।
দেখা ৰাজা জন্মিজয় মহন্ত পাণ্ডব চয়
তোমাৰ জনকৰ তাত।
পৰৰেসে উপকাৰে তাসম্বাৰ বনবাস
দিলা হৰি জানিবা সাক্ষাত॥
জগতৰে চিন্তিহিত তিনি লোকে অবিদিত
জানি ৰাজা কৰা থিৰ মন।
পাছে যেন মতে ৰণ মহামুনি বিদ্যমান
ধৰ্ম্ম পক্ষি কৰিলা কথন॥
অনন্তৰে চাৰি বীৰে অমৃত পায়স ভুঞ্জি
তেজ বল বাঢ়িল অপাৰ।
দুঃখ শ্ৰম দূৰ গৈল আনন্দ অপাৰ ভৈল
জীব আত্মা প্ৰফুল্ল সবাৰ॥
তিনি বীৰে ধনু ধৰি টঙ্কাৰ কৰিলা তেবে
ভীমে গদা গোট তুলি গৈলা।
হেন দেখি দৈত্য বীৰে বেঢ়ি ধাইল নিৰন্তৰে
মহা কোলাহল শব্দ ভৈলা॥
পৰশু তোমাৰ শূল ত্ৰিকন্টিক কনিয়াল
হানি অতি দিলেক জোলক।
হেন দেখি বৃকোদৰ গদা কোবাইবাক লৈলা
মৰি সেনা যায় যম লোক॥