পৃষ্ঠা:কুলাচল বধ.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
কুলাচল-বধ।

হেনয় বচন শুনি অমৃত পায়শ লৈয়া
 চলি গৈল কশ্যপ তনয়।
যেবে সমৰক মনে  শৰ ধনু ধৰি ক্ৰোধে
 আগ বাঢ়ি সম্মুখে আছয়॥
সেহি বেলা নিশাকৰে  দানবক বেঢ়িলেক
 কুঁহৰি আন্ধাৰ কৰি আতি।
অমৃতৰ পাত্ৰ লৈয়া  পায়শ সহিতে দিলা
 ভুঞ্জিলন্ত পাণ্ডবে তহিতি॥
মহা বীৰ বৃকোদৰে  উদৰ পুৰিয়া খায়া
 অজৰ অমৰ ভৈলা কায়।
আরু তিনি ভাই পাছে অমৃতক পান কৰি
 মৃত্যু দশা এড়াইলা তথায়॥
প্ৰিয় বাক্যে আশ্বাসিয়া  তাসম্বাক প্ৰশংসিয়া
 চন্দ্ৰে হেন বুলিলা বচন।
মহন্তৰ দেহ গুটি  লোক উপকাৰে ধৰে
 আমি কৰো আপুনে যতন॥
এতেকেসে তোমৰাক  ৰাখিয়া ফুৰন্ত হৰি
 মহাসুখে মাৰিও দানব।
এহি বুলি শশধৰ স্বৰ্গক চলিয়া গৈল
 মন সুখে ৰহিলা পাণ্ডৱ॥