পৃষ্ঠা:কুলাচল বধ.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
কুলাচল-বধ।


শুনিয়োক সভাসদ  ভাৰতৰ পুণ্য পদ
 আত পৰে নাহি মোক্ষ কাম।
কৃষ্ণ পদ ধৰি অতি  মনে দৃঢ় কৰি ৰতি
 পাপৰ পুড়িয়ো সবে দাম॥

ইটো বনপৰ্ব্ব পদ  শুনা হুয়া নিশবদ
 বৈকুণ্ঠে যাইবাৰ যাৰ কাম।
ভাৰত ভূষণ কবি  বিৰচিলা পদ ছবি
 নিৰন্তৰে বোলা ৰাম ৰাম॥

পদ।

বপুসুত বদতি শুনিয়ো মুনিবৰ।
মিলিল অদ্ভুত ৰণ দেখি ভয়ঙ্কৰ॥
তিনি বীৰ প্ৰহাৰে প্ৰচণ্ড ঘোৰ বাণ
দানবৰ বীৰ সবে কৰে খানখান॥
দানবে প্ৰহাৰে অতি মহাচণ্ড বেগে।
চাৰি পাণ্ডবক যায় ফুটে সেহি চেগে॥
দেখি বীৰ বৃকোদৰে নাপেক্ষি তাহাক।
ৰহ ৰহ বুলি বেগে দিলে ঘোৰ ডাক॥