পৃষ্ঠা:কুলাচল বধ.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
কুলাচল-বধ।


অসংখ্য দানৱ বীৰ  হাতে ধৰি ধনুশৰ
 উট বলধিত উঠি যায়।
লক্ষ কোটি হাজাৰেক দানবৰ মহাবীৰ
 পদাতিৰ সীমা সংখ্যা নাই॥
চন্দ্ৰ ৰশ্মি ধৌত প্ৰায়  যেন কাল মেঘ যায়
 নক্ষত্ৰ প্ৰকাৰ চাৰি বীৰ।
হৰ হৰ গিৰ গিৰ  দানবৰ সবে বোল
 গৰ্জ্জন ভৈলেক তাতে ধীৰ॥
অৰ্জ্জুনৰ ধনুখান  চিকি মিকি কৰে কান্তি
 যেন মেঘে বিজুলী সঞ্চাৰ।
নিশাচৰ সবে তাক তৰ্কিবাক নপাৰয়
 চমক লাগিল আতি বৰে॥
অনন্তৰে পুৰন্দৰে ৰজনী পতিক চাহি
 বুলিলন্ত হেনয় বচন।
মহাভাৰ দূৰ গৈল  দেব সন্তোষ ভৈল
 পাণ্ডৱে কৰয় ঘোৰ ৰণ॥
ক্ষুধা তৃষা তাপ যত  মনুষ্য লোকত আছে
 পাণ্ডবত সবে মিলি চয়।
শুনিয়োক শশধৰ অমৃত পায়শ দিয়া
 তাক দূৰ কৰিবে লাগয়॥