পৃষ্ঠা:কুলাচল বধ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
কুলাচল-বধ।


পদ।

এই লোকে পৰলোকে হৰিসে বান্ধৱ।
জানি হৰি নাম লোৱা পৰম উৎসৱ॥
ভাৰত ভূষণে বোলে মই মহাদীন।
নিজ দাস কৰি মোক ভক্তি ধনে কিনা॥
নমো নমো নাৰায়ণ পূৰ্ণ ব্ৰহ্ম হৰি।
গোপ বেশে নন্দ ঘৰে আছা অবতৰি॥
হেন কৃষ্ণ চৰণ কমল মকৰন্দ।
পান কৰি মন মোৰ ৰহোক আনন্দ॥
শুনি আছো তুমি প্ৰভু পতিতৰ ধন।
মোক নাচাড়িবা প্ৰভু দেৱ নাৰায়ণ॥
জন্মে জন্মে তোমাৰ চৰণে মোৰ গতি।
এহি মন পূৰণ কৰিয়ো লক্ষ্মীপতি॥
আত পৰে গোপীনাথ নাহি মোৰ কাম।
সভাসদ লোকে বেঢ়ি বোলা ৰাম ৰাম॥

ছবি।

ধৰ্ম্ম পক্ষিগণে বোলে, নিয়োক জয় মুনি
 যেন ভৈল আত অনন্তৰ।
চন্দ্ৰমা উদিত ভৈল, অন্ধকাৰ দূৰ গৈল
 সেহি নিশা লাগিল সমৰ॥

(১৩)