পৃষ্ঠা:কুলাচল বধ.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
কুলাচল-বধ।

অনন্তৰে দিবাকৰ ভৈলা অস্তঙ্গত।
নিশি ভৈলে বল পাবে নিশাচৰ যত॥
দুই ঘটী নিশি যান্টে চন্দ্ৰৰ উদয়।
ভেটিলেক গৈয়া দানৱৰ বীৰচয়॥
আটোপ টঙ্কাৰে সবে কলি এক দিল।
চাৰিয়ো দিশত বীৰে ঝণ্টায়া ৰহিল॥
থমকি ৰহিল অন্ধকাৰ ৰাত্ৰি মানে।
পৰম দারুণ যুদ্ধ মিলিল সিথানে॥
ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৰন্ত কীৰ্ত্তন
কৃষ্ণৰ চৰণ অতি নিমজিল মন॥
শুনা সভাসদ মহা মহন্তৰ কাম।
পৰম সঙ্কটে নেড়ে হৰি গুণ নাম॥
হৰিয়ো নামতে আছে নামো ভকততে
শ্ৰবণ কীৰ্ত্তন মাত্ৰ কৰন্ত সততে॥
হেন জানি বুধ জন কৰি থিৰ মন।
সবে পৰিসৰি কৰা ভাৰত শ্ৰবন॥
আত পৰে হিত নাহি দুৰ্ঘোৰ কলিত।
ঘৰে বসি পান কৰা কৃষ্ণ কথামৃত॥
পুত্ৰ ভাৰ্য্যা ধন জন সয্যেক সপোন।
চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥