পৃষ্ঠা:কুলাচল বধ.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
কুলাচল-বধ৷

নেদেখে মৰণ ক্ষুদ্ৰ চৰা মানুষৰ।
প্ৰাণৰ কাতৰে দেখা কৰয় সমৰ॥
এহি কহি ৰহিলেক কৰ্ণদত্ত সুত।
শুনি বীৰগণ ভৈলা ৰণক সযুত॥
আটাইশ অযুত পাঞ্চ সহস্ৰ প্ৰধান।
শতেক নৃপতি তাৰ সম নাহি আন॥
এহি মতে চলে যেবে ধনুবাণ ধৰি।
ক্ৰোধৰ বেগত সবে কাম্পে হাত ভৰি॥
সিংহনাদ কৰি সবে উচ্ছৃত যানত।
যম যম কৰি সবে লড়িল সমস্ত॥
বপুসুতে বোলে মুনি শুনা নিৰন্তৰ।
কিছু মন সঙ্কুচিত চাৰি পাণ্ডবৰ॥
ভীম বোলে বাপা মোৰ শুনা তিনি ভাই।
আজিৰ সমৰ আৰ সেন্থৰে নেৰায়॥
তোৰ সবৰ মনে ধুকি কি নপায়।
মোৰ মনে মৃত্যু যেন মিলিব ইঠাই॥
এহি বুলি বায়ুসুতে হৰিক স্মৰিলা৷
চাৰি বীৰে অনুৰাগে ৰণক চলিলা॥
সেহি বেলা দানৱৰ বীৰ নিৰন্তৰ৷
গধুলি বেলাতে সবে নপাইলা সমৰ॥