পৃষ্ঠা:কুলাচল বধ.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
কুলাচল-বধ।

অৰ্জ্জুনে বোলন্ত ইটো মোকে ভূ রুকায়।
ঘনে ঘনে মোৰ বাণ কাটীয়া পেলায়॥
এহি বুলি ক্ষুৰ বাণ প্ৰহাৰ কৰিলা।
আকৰ্ণ পুৰিয়া টানি শৰ প্ৰহাৰিলা॥
মহা ছোটে খেদি যায় ক্ষুৰ ধাৰ বাণ।
তাৰ বাণ কাটী কৰিলেক খান খান॥
ধনু খান হাততে কাটিলা দানবৰ।
পুনৰ্ব্বাৰ শৰ এক মাৰি বীৰবৰ॥
দধিসেন বীৰক যে তথাতে কাটিলা।
উট গোট কাটি তাৰ বাহুক ছেদিলা॥
দধিসেন পড়িবাৰ দেখি বীৰগণ।
একেবাৰে ধাইলে সবে কৰি কোপমন॥
কাটন ফুটন ৰাণ গণ প্ৰহাৰিলা।
ইন্দ্ৰৰ তনয় বীৰে নিসদ্ধি ফুটিলা॥
ফুলিলা মন্দাৰ যেন বসন্ত কালত।
মহাবীৰ ধনঞ্জয় ভৈলা আশকত॥
আকাশৰ পৰা সবে বৰিষয়ে শৰ।
শৰ পায়া উখলিল কুম্ভীৰ কুমৰ॥
যিটো বণে বঘাসুৰ বীৰক কাটিলা।
সেহি মহাশৰ খঙ্গে প্ৰহাৰ কৰিলা॥