পৃষ্ঠা:কুলাচল বধ.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
কুলাচল-বধ।

দানব সৈন্যত গৈয়া পশিলেক বাণ।
স্কন্ধ কটী হাত কাটি কৰৈ খান খান॥
এহিমতে শত শত কাটিলেক বীৰ।
পলাই দানব সেনা ৰণে নোহে থিৰ॥
হেন দেখি দনাবৰ আরু বীৰগণ।
ধনঞ্জয় বীৰক জপাইলা সবে ৰণ॥
হানে গদ মুদ্গৰ পৰিঘৰ ঝাক।
বৃকোদৰ বীৰে দূৰ হন্তে দেখি তাক॥
একেথৰে দানবে মাৰয় বেঢ়ি ধৰি
গদা তুলি আছোটে ধাইলেক ক্ৰোধ কৰাি
বেঢ়ি অৰ্জ্জুনক সবে প্ৰহাৰয় শৰ।
ধৰ ধৰ মাৰ মাৰ কৰৈ নিৰন্তৰ॥
প্ৰহাৰিবে প্ৰতি অৰ্জ্জুনৰ শ্ৰুতি নাই।
পাক দিয়া ধনু ধৰি আছৈ সেহি ঠায়॥
ভীমে বোলে মৰয় মোহোৰ প্ৰাণ ভাই।
এহি বুলি তাহাৰ মাঋত পশে যায়॥
পৰ্ব্বত সমান একো বীৰ বানে সমে।
ভীমক ছাদয় বেঢ়ি দারুণ বিদুৰে॥
মৰসাশ কৰি বাৰসুত মহাৱলী।
কোবাইবে লাগিলা ঘোৰ গদা গোট তুলি।