পৃষ্ঠা:কুলাচল বধ.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
কুলাচল বধ।

যথাত আছয় মহা বীৰ গণমানে।
পাছ গুছি যায়া ৰহিলেক সেহি খানে॥
আইস বুলি সিটো সবে সেনা পাছ কৰি।
প্ৰহাৰিলা মহাশৰচয় ধনু ধৰি॥
সেহি বেলা ভীমক হানিলে শৰ চয়।
সকলে শৰীৰ ঢাকি রুধিৰ বহয়॥
দধিসেন শ্ৰুতসেন মৃগাক্ষ মিহিৰ।
এহি চাৰিগোটা অতিশয় মহাবীৰ॥
উট বলধিৰ যান চাৰিৰো ডাঙ্গৰ।
মহাধনুধৰ শৰ জানে বহুতৰ॥
দধিসেনে বোলে অৰে আচল মানুষ।
আমাৰ সৈন্য়ক মাৰি বোলালি পুৰুষ॥
হৰি শঙ্কৰত যদি লৱস শৰণ।
আমাৰ হাতত ততো মিলিবে মৰণ।
এতেকতে ধনঞ্জয় বীৰ মধ্যে সাৰ।
দধিসেন বীৰক যে কৰিলা প্ৰহাৰ॥
দুই গোটা নবাচ হানিলা বৰ টানে।
কাটিলেক দানবে ভিখাল দুই বাণে॥
পুনৰপি ধনঞ্জয়ে প্ৰহাৰ কৰিলা।
তাকো শৰ ছানিয়া দানবে নিবাৰিলা॥