পৃষ্ঠা:কুলাচল বধ.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
কুলাচল-বধ।

মহাভয়ে বোলে আজি বুড়িল সমুলি।
কুলাচলে আমাক ৰাখিবে কিবা বুলি॥
বিগুটিয়া মাৰিবেক জ্ঞাতিৰ আগত।
লোকৰ হাতত মৰা সেহি ভালমত॥
যত বংশ বৃদ্ধি হবে তাহাকে পালিব।
মোৰ অৰ্থে মৰি গৈল লোকত কহিব॥
এহি বুলি ধনু ধৰি মহাবীৰগণ।
চাৰি পাণ্ডৱক সবে জপাইলেক ৰণ॥
ভীম ধনঞ্জয় যে নকুল সহদেব।
ভেদিলেক মহাশৰে ভাল নাহি কেৱ॥
শৰ পায়া জাজ্বল্য সমান চাৰি ভাই।
যেন হুতাশন জ্বলে ঘৃতাহুতি পাই॥
কাটন ফুটন শৰ প্ৰহাৰ কৰিলা।
বৰ বৰ বীৰসব নিসদ্ধি ভেদিলা॥
সহিবে নপাৰি ঘোৰ শৰৰ সন্ধান।
পাছ গুছি যাৱে সবে ছোট পায়া টান॥
সেহি বেলা বৃকোদৰে গদা তুলি ধৰি।
কোবায়া মাৰয় মহা চণ্ডনাদ কৰি॥
পক্ষিগণে বোলে মহামুনি তপোবন।
হুষকিয়া যায় দানৱৰ সেনাগণ॥