পৃষ্ঠা:কুলাচল বধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কুলাচল-বধ৷

বিশেষত তাত মহা মহা মুনিচয়।
ৰহস্যে কৰিয়া যজ্ঞ হৰি আৰাধয়॥
প্ৰচণ্ড তপস্বী মুণিগণ ভয়ঙ্কৰ।
তই মহা দারুণ দুৰ্ম্মদ অতি বৰ॥
আচৰিবি দ্ৰোহ হৈবে ক্ৰোধ তাসম্বাৰ।
ঋষিশাপে পড়িলে নাহিকে প্ৰতিকাৰ॥
এহিমতে আনো নানা কহি কথা চয়।
মধুৰ বচনে তাক নৃপতি বাধয়॥
সিটো পামৰৰ নুহিকয় ভালমন।
যতনা বোলয় কাৰো নুশুনে বচন॥
বিধাতাৰ লিখাক কিমতে এড়াইবেক।
কৰ্ণদত্ত নৃপতিত দেখিয়ো প্ৰত্যেক॥
পিতৃৰ বচন চয় নধৰি মনত।
লগত লৈলন্ত মন্ত্ৰিগণ সৈন্য যত॥
দুতৰ অযুত হস্তী লৈল ময় মত্ত।
সত্তৰি হাজাৰ ঘোড়া লৈলন্ত লগত॥
পঁচিশ হাজাৰ ৰথ আকাশত গতি।
প্ৰজাৰ গিড়ত দল দোপ বসুমতী।
ৰাজাক নমিল সিটো বাধাক নগণি।
মদান্ধ জনক জানা বুঝাইবেক কোনি॥