পৃষ্ঠা:কুলাচল বধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
কুলাচল-বধ৷

কৰ্ণদত্ত নৃপতিৰ বিষাদ মনত।
হৰি হৰি পুল্ৰ মোৰ ভৈল কেনমত॥
অপুল্ৰক আছিলে হোঁ সিহে মোৰ ভাল।
কতনো শুনিবোঁ আরু লোকৰ ঘঞ্চাল॥
ৰাজা সমুহৰ যত কুমাৰ আছয়।
হয় হস্তী ৰথে সবে পৰ্য্যটী ফুৰয়॥
মোৰ ইটো পুল্ৰ ভৈল দুষ্ট কুলাঙ্গাৰ।
আৰ হন্তে দুঃখ সদা মিলয় প্ৰজাৰ॥
বপুসুতে বোলে কথা শুনা মুনিবৰ৷
এহিমতে গৈল যেবে ষোড়শ বৎসৰ॥
একদিনা ৰাজপুল্ৰ কুমৰ দুৰ্জ্জয়।
মৃগ মাৰিবাক লাগি ৰাজাত কহয়॥
শুনিয়োক পিতৃদেৱ কহয়ো তোমাত।
পাত্ৰ মন্ত্ৰী সৈন্য মোক দিয়ো অসংখ্যাত॥
মলয়া গিৰিৰ কাছে আছে ক্ষীৰবন।
মহাৰম্য স্থান মৃগ আছয় গহন॥
তাহাক চলিয়া যাও পাঠায়ো আমাক।
বহুতৰ মৃগ মাৰি ভেটাওঁ তোমাক॥
ৰাজা বোলে বাপু ইটো কথা নুহি ভাল৷
নপাৰ মাৰিবে পশু তোৰ অল্প কাল॥