পৃষ্ঠা:কুলাচল বধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কুলাচল-বধ৷

আয়ু শ্ৰীষশ ধৰ্ম্ম দান পুণ্য চয়।
মহন্ত হিংসাত জানা সবে নষ্ট হয়॥
দেখা ধৰ্ম্ম ৰাজা ধুম্ৰাক্ষৰ বিবুদ্ধিক।
বালক কালৰে পৰা ৰাক্ষসতো ধিক॥
আপোন ইচ্ছায়ে সিটো বনক চলিল।
পিতৃৰ আজ্ঞাক দুষ্টে কিছু ন কৰিল॥
আদ্য গুরু পিতৃ মাতৃ কহে শাস্ত্ৰ চয়।
তাসম্বাক আদৰিলে আয়ু শ্ৰী হোৱয়॥
পূৰ্ব্বে প্ৰভু ৰামচন্দ্ৰে পিতৃৰ বাক্যত।
ভাৰ্য্যা ভ্ৰাতৃ সমে দুঃখে ফুৰিল বনত॥
পৰ্শুৰাম পিতৃ বাক্যে মাতৃক কাটিলা।
তথাপিতো পিতৃ গুরু বচন নেড়িলা॥
ইটো মহা দাম্ভিক কাহাকো নগণয়।
অপোনাৰ মনে মাত্ৰ কৰ্ম্ম আচৰয়॥
এহিমতে মৃগ মাৰিবাক চলি গৈল।
দিন দশমানে গৈয়া অৰণ্যক পাইল॥
অনন্তৰে প্ৰবেশ কৰিল ক্ষীৰবন।
তথাতে মাৰিল পশুগণ অগণন॥
সাতে সাতে পালে পালে মাৰে মৃগচয়।
নিতে নিতে মৃগ মাৰি দুৰক চলয়॥

(২)