সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
কুলাচল বধ।

সহৰিষ মনে সাজি কৰিলা গমন।
উট বলধিৰ কতো ছাগলৰ যান॥
খৰ বিড়ালৰ কতো গাধ শূকৰৰ।
একৈ একৈ বাঘ ঘোঙ্গ দেখি লাগে ডৰ॥
মত্ত হস্তিগণ তাৰ লেখা জোখা নাই।
পৰম প্ৰচণ্ড তাক দেখি ভয় পায়॥
পৰ্ব্বতৰ সম তাত চাচাৰি মাহুত।
সুবৰ্ণ সন্নহা ৰত্ন অলঙ্কাৰে যুত॥
মাজে মাজে জোন দিল সুবৰ্ণ ৰজত।
কহিবে নপাৰি তাৰ হস্তীৰ মহত্ত্ব॥
পৰম সুখদে বঞ্চে প্ৰজাগণ যত॥
যেন লোক সব থাকে অক্ষয় স্বৰ্গত॥
নাহিকয় ভয় চিন্তা দুঃখ কষ্ট তাপ।
কুলাচল ৰাজাক দেখন্তে যেন বাপ॥
কিন্তু লোক সব ভৈল আচাৰ বৰ্জ্জিত।
অগস্তিৰ শাপে সবে ভৈল কুণ্ঠ চিত্ত॥
নাহিকে বিগ্ৰহ মহা সুখতে আছিল।
ৰাজাৰ আদেশ পায়া জিঙ্কাৰ উঠিল॥
যত বন শাল তাল বৃক্ষ লতা চয়।
প্ৰজাৰ আন্দোলে ধুলা হুয়া যে উড়য়॥