সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
কুলাচল বধ।

নাহি একো সৈন্য লেখা জোখা পৰিমাণ।
পক্ষী পড়িবাৰো সন্ধি নাহি একো স্থান॥
অষ্টম দিনৰ পথ যুড়ি চলি যায়।
হিন্দোল আন্দোল কৰি, ধৰণী কম্পায়॥
গিৰ গিৰ কৰি সবে ধৰণী কাম্পয়।
মহীধৰ সবে ৰৈলা পায়া মহাভয়॥
সবাৰো পাছত কুলাচল চলি গৈল।
যত বীৰ গণ মানে আগে হুয়া ৰৈল॥
শতেক মহিষে তাৰ ৰখখান বয়।
তীক্ষ্নতৰ শৃঙ্গতাৰ দেখি লাগে ভয়॥
সুবৰ্ণ বলয়া তাৰ মণি মুকুতাৰ।
সবে শৰীৰতে সুবৰ্ণৰ অলঙ্কাৰ॥
মেঘ ফুটি তাৰা যেন কৰয় প্ৰকাশ
মহিষ ৰথৰ তাৰ তেনয় আভাষ॥
চাৰিটা সাৰথি আতি বীৰ মধ্যে সাৰ
সকলে গাৱত ৰত্নময় অলংকাৰ॥
তাহাৰ শৰীৰ গোট মণ্ডিত ৰতন।
ছাগলৰ মুণ্ডতাৰ কান দুই খান॥
দুই গোটা শৃঙ্গ তাৰ ত্ৰিশূলৰ নয়।
তাহাতে লগায়া আছে ভূষণ শোভয়॥