পৃষ্ঠা:কুলাচল বধ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
কুলাচল বধ।

অনন্তৰে কুলালচল ৰণক চলিল।
মনত বোলন্ত মোৰ মৰণ মিলিল॥
অসংখ্য অপাৰ সেনা মাৰিলা আমাৰ।
চাৰি গোটা মনুষ্য কি বলত অপাৰ॥
কোন দেবে মায়া কৰি আসিয়া আছয়।
আৰ যুদ্ধে মোৰ মহা শঙ্কট মিলয়॥
তাহাকো মাৰিবো ঘোৰতৰ শৰ ঘাৱে।
আমাৰ বলৰ সিটো নউ আটা পাৱে॥
আজি তাক ঘোৰ বাণে কৰিবোঁ বিনাশ।
আমাৰ আগত তাৰ দেখা কেন সাশ॥
শুনা সেনাপতিগণ ৰাজা সমস্তয়।
একশত ৰাজা মোৰ সাজোক নিশ্চয়॥
আৰু যত বীৰগণ মোহোৰ আছয়।
আগহুয়া চল সবে কৰিয়া বিজয়॥
তাৰ আদেশক শুনি ৰাজা বীৰ যত।
মহা বেগে সাজি পাৰি লড়িল সমস্ত॥
শুনা মুনিবৰ সিটো অগস্তি সন্তৰ।
সত্যৰ শেষত শাপ পাই আছে পামৰ॥
সত্যৰ ব্যৱস্থা তাৰ গাৱত আছয়৷
বৰ বৰ লোক আতি দেখি লাগৈ ভয়॥