পৃষ্ঠা:কুলাচল বধ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
কুলাচল-বধ।


এহি মতে সবে; চিন্তা দুঃখ কৰে,
 আছে মানে লোক যত।
দেখা মুনিবৰ, মহাকন্ট কেনে,
 মহন্তৰ বিৰোধত॥
বৈষ্ণব দ্ৰোহিক, যুগে যুগে হৰি,
 দুঃখ তাপ দেন্ত অতি।
দেখা কুলাচলে, অগস্তিত দ্ৰোহে,
 পাৱয় কেনে বিপত্তি॥
হেন জানি সবে,  মহন্তত দ্ৰোহ,
 নকৰিবা কদাচিত॥
দেখা কুলাচল, বৈষ্ণব হিংসাত,
 বিপদ মিলে ত্বৰিত॥
জানি বুধ লোক, ভক্তক আদৰি,
 ধৰা হৰি গুণ নাম।
পাপ দূৰ হোক, অন্তকে ছাড়োক,
 ডাকি বোলা ৰাম ৰাম॥

পদ।

মুনিক সম্বুধি বপুসুত মহাশন্ত।
পাণ্ডবৰ চৰিত্ৰ যুদ্ধৰ কথা কন্ত॥