পৃষ্ঠা:কুলাচল বধ.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
কুলাচল-বধ।

মৃত্যু সীমনাৰ, বাঝ নুহি কয়,
 মনত কথা আছয়।
তাহাৰ ৰাজ্যৰ,  পৰা আরু তিনি,
 দিনৰ পথ হোৱয়॥
সেহি বেলা যায়,  ৰণ ভগনিয়া,
 সেনায়ে কথা কহয়।
আদেশ গোসাঞি,  যেহেন যুগুত,
 কৰিবে তাক লাগয়॥
অৰ্ব্বুদ নিৰ্ব্বুদ,  সেনাক মাৰিলে,
 আচল মনুষ্যে তথা।
কতেক কৰিবোঁ, দুঃখৰ বৃত্তান্ত,
 যেন মত ভৈল তথা॥
শুনি কুলাচল,  ৰাজাৰ সমাজ,
 কাংস পৰি জিন গৈল।
অন্যো অন্যে বোলে,  আচল মনুষ্য,
 হাতত মৰণ ভৈল॥
যত-মান বীৰ,  দুইবাৰ মাৰে,
 তাৰা চাৰি গুটি বীৰ।
কোন কেন মতে, তাহাক মাৰিবে,
 আগত নুহিকৈ থিৰ॥