পৃষ্ঠা:কুলাচল বধ.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪
কুলাচল-বধ৷

দেখি আরু যত,  মহাবীৰ গণে,
 শৰ প্ৰহাৰিবে লৈলা।
চাৰি বীৰে মিলি,  অসংখ্য হাজাৰ,
 দৈত্যৰ মাৰ চিন্তিলা॥
চাৰিয়ো দিশৰ,  সৈন্য গণ মানে
 মৰিল কতো ভাগিল।
কতো লক্ষ কোটি,  পলায়া গৈলেক,
 ৰজা আগে জান দিল॥
চাৰি বীৰ পাছে,  ৰণ জয় হুয়া,
 আপোন স্থানক গৈলা।
পক্ষিগণে বোলে,  শুনা মুনি বৰ,
 পাছে যেন কথা ভৈলা॥
দিনা এক আগ,  ধৰিয়া আসয়,
 কুলাচল দুৰ্ব্বিনয়।
উট খৰ গাধ.  তাহাৰ ভৰত,
 ধৰণি খান কাম্পয়॥
ময় মত্ত হস্তী,  হাজাৰে হাজাৰে,
 মাহুতে সমে চলয়।
তাহাৰ মহত,  দেখি অতিশয়,
 ত্ৰিদশৰ মহাভয়॥