পৃষ্ঠা:কুলাচল বধ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩
কুলাচল বধ

এহি বুলি বীৰে,  গদা গোট তুলি,
 ঝাম্প দিলা বেগ ধৰি।
গদাৰ কোবত,  শত সহস্ৰেক,
 ৰাক্ষস যাৱয় মৰি॥
যেন ত্ৰিনয়নে,  পূৰ্ব্বত কোবাই,
 পশুক কৰিলা অন্ত।
বৃকোদৰ বীৰে,  সেহিমত ভাবে,
 দানব সব মাৰন্ত॥
পশু গোট যানে,  সেনাপতি গোট,
 কোবায়া যেবে মাৰিল।
আৰু সৈন্য গণ,  কোবাইবে লাগিল,
 অন্তক যেন মিলিল॥
একৈক কোবত,  বেহুপতা যত,
 দানব বীৰ মাৰয়।
কতো আঁৰ হয়,  কতো পলাৱয়,
 কাতৰ কতো কৰয়॥
নকুল সহদেবে,  ধনঞ্জয় বীৰে,
 শৰ প্ৰহাৰিবে লৈলা।
ইভিতিৰ মহা,  সেন গণ মানে,
 সবে যমপুৰে গৈলা।