পৃষ্ঠা:কুলাচল বধ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
কুলাচল-বধ৷

হুৰ দেখ চাই,  চাৰিকো বেঢ়িয়া,
 বীৰ সেনা ৰহিছয়।
মনত আলোচ,  পলায়া এড়ইবো,
 সিটো আশা নুহিকয়॥
বুঢ়াৰ হাতত,  চেঙ্গেলি পড়িলি,
 পলাইবাৰ নাহি পুৰী।
চৰি ভিতি বেঢ়ি,  বাঘ জালি কৰি,
 সকলে মাৰিবোঁ ধৰি॥
একো একে বীৰ,  দেবৰো অবধ্য,
 তুমি মাত্ৰ চাৰি জন।
সেনাসব মাৰি,  পলাই নগৈলে,
 বিপাঙ্গে ভৈল মৰণ॥
পাছে ভীমে বোলে,  শুনৰে দানৱ,
 মহত্ত বখান কত।
এতিক্ষণে ভুণ্ড  মুণ্ড ভাগিবেক,
 মোহোৰ গদাৰ কোবত॥
তোৰ কুঞ্জৰাট,  আৰো সেনাপতি,
 যমপুৰে গৈলা মৰি।
চাৰিয়ো দিশৰ,  দানব মাৰিবো,
 সবে এক দিকি কৰি॥