পৃষ্ঠা:কুলাচল বধ.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
কুলাচল-বধ৷

আক এক চিত্তে যিটো শ্ৰবণ কৰয়।
গুছে অপমৃত্যু মুখে মুকুতি পাৱয়॥
নমো নন্দসুত গোপ বেশে ধেনু চাৰি।
কৰ্ণে গুঞ্জমণি বেত্ৰ শিঙ্গা বেণুধাৰী॥
মাথাত ময়ুৰ পাখি গলে বনমালা।
ব্ৰহ্মৰ বৰণ ৰূপ ধৰি আছা ভালা॥
গৰুড় বাহনে গতি লক্ষ্মী জায়া যাৰ।
হেন নন্দসুত পাৱে মিনতি আমাৰ॥
বদতি ভাৰতচন্দ্ৰ এহি মোৰ কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

⸻⸻

দুলড়ি।

ধৰ্ম্ম পক্ষিগণে,  মুনিত কহন্ত
 পৰম ৰহস্য কথা।
শুনা তাত পৰে  চাৰিয়ো পাণ্ডৱে
 সমৰ কৰিলা যথা॥
দানব সকলে  রুলি দিয়া তাত
 প্ৰহাৰিলা বৰ বেগে।
দেখি চাৰি বীৰে  তাহাক চাহিয়া।
 ধনুধৰি সেহি ছেগে॥