পৃষ্ঠা:কুলাচল বধ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
কুলাচল বধ।

এহি কহি ধৰ মাৰ দিলে সবে তাক।
বহুতৰ প্ৰজাগণে ধাইলেক তাহাক॥
কাণ্ডে খাণ্ডে যাঠি জোঙ্গে কতো ঘোৰশৰে।
বাৰিষাৰ মেঘে যেন বৰিষণ কৰে॥
যেন পৰ্ব্বতক ঢাকি কৰৈ বৰিষণ।
পাণ্ডৱক হানে দানবৰ সেনাগণ॥
এহি মতে দণ্ড দুই মানে প্ৰহাৰিল।
পাণ্ডব সবৰ লোম গাছ নলড়িল॥
আগক আসিয়া হানে মহাশৰ যত।
কৰৈ আটি মুটি অতি দারুণ মহত্ত॥
কৃষ্ণৰ বিজয় মহা কবচ প্ৰভাৱে।
পীড়াক নপাৱে আতি চাৰিবীৰে গাৱে॥
দেখা জন্মিজয় কেনে মহন্তৰ বল।
পৰম বৈষ্ণব যত পাণ্ডব সকল॥
ভাৰহৰিবাৰ পদে ভৈলা অৱতাৰ।
তাহানে বংশত ভৈলা জনম তোমাৰ॥
আরু শুনা যেন কথা কৈলা পক্ষিবৰে।
তোমাত কহিবোঁ শুনি থাকা নিৰন্তৰে॥
শুনা বুদ্ধ জন পুণ্যকথা মনোহৰ।
কুলাচল বধ-মৃত্যুদশা পাণ্ডবৰ॥