পৃষ্ঠা:কুলাচল বধ.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
কুলাচল বধ।

ইটো তিনি যুগ জানো মোৰ বয়সত।
দেবাসুৰে যুঝে প্ৰজা বীৰ আছে যত।
হেন শুনি আরু গোটে মাতে গল তৰি।
ইহাক খাইবাক আমি আছো মন কৰি॥
আরু গোটে বোলে তাৰ কথা নোহে সাৰ
কুঞ্জৰাট বীৰে জানা সম নাহি যাৰ॥
তাহাকো খাইবাকঁ প্ৰতি কৰ তই মন।
সবাকো কোবাই মাৰিবেক এতিক্ষণ॥
একে কুলাচল বিনে আন কোন গোট
ইটো চাৰি বীৰৰ সহিবে পাৰে ছোট॥
কিবা ব্ৰহ্মা হৰ চন্দ্ৰ সূৰ্য্য অগ্নি কাল।
মায়া কৰি আসি আছে দেখিবাক ভাল॥
এহিমতে কথা কহিলন্ত নিৰন্তৰ।
পাৰ হুয়া গৈলা পাছে চাৰি মহাবীৰ॥
দানবৰ সেনাগণ দেখি জিঙ্কৰিল।
প্ৰমত্ত কেশৰী যেন ফুলিঙ্গ দেখিল॥
ধৰ মাৰ কৰি সবে ৰোল এক দিল।
কহিবাৰ কথা আসি আগতে মিলিল॥
কিবা আৰ সহায় হোৱয় দেৱচয়।
নপালায়া যুঝিবাক তাতেসে আসয়॥