পৃষ্ঠা:কুলাচল বধ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কুলাচল বধ৷

ধৰ্ম্মপক্ষীগণে বোলে শুনা মুনিসন্ত।
গালৱে কহয় পঞ্চপাণ্ডবে শুনন্ত॥
এতেকে সে কৰ্ণদত্ত ৰাজা মহামতি।
পুল্ৰক তোলন্ত অতি কৰি মহাপ্ৰীতি॥
সাত আটনৱ দশ বৰিষ ভৈলন্ত৷
ৰাজপুল্ৰগণ সঙ্গে খেলাইবে লৈলন্ত॥
ৰথে চড়ি ফুৰে কতো দেশ দেশান্তৰ।
লোকক কৰন্ত পীড়া দুঃখ দিয়ে বৰ॥
ধৰ্ম্ম জ্ঞান নচাৱে হিংসয় বৈষ্ণবক।
ভাঙ্গি চিঙ্গি ফুৰে দেৱমঠ মণ্ডপক॥
লোকৰ জীবিকা নষ্ট কৰ নিৰন্তৰ।
উত্তম সবৰ বলে বিধ্বংসয় ঘৰ॥
এহিমতে দুষ্টভাৱে প্ৰজাক পীড়য়।
মহা দুঃখে আসি সবে ৰাজ্যত কহয়॥
শুনি নৰনাথে দুঃখে শিকায়া থাকয়।
তাহাক নাচৰি পুনু দুগুণে হিংসয়॥
গালবে বোলন্ত বাপু শুনা যুধিষ্ঠিৰ।
পাপীষ্ঠ ধূম্ৰাক্ষ ভাৰ ভৈল ধৰণীৰ॥
ভাঙ্গি মাৰি খাই সবে লোকৰ দ্ৰব্যক।
সমস্ত লোেকৰ মহা মিলাৱে দুঃখক॥