পৃষ্ঠা:কুলাচল বধ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
কুলাচল বধ।

যদি কুলাচলে কৰে আমাক বিঘাত।
তথাপি বৈলক্ষ কিছু নাহিকে আমাত॥
কিন্তু ইথানৰ যেবে অন্তৰিয়া যাওঁ।
দেবাসুৰ মনুষ্যত কুযশক পাওঁ॥
দানবক ভয়ে পাঞ্চো পাণ্ডব পলায়।
বনৰ মাজত সবে ফুৰন্ত লুকায়॥
এহিতো কুযশে জানা ধৰণী যুড়িব।
যাবে চন্দ্ৰ দিবাকৰে কীৰিতি ৰহিব॥
এহিমতে চৰ্চ্চা কৰে পাঞ্চ বীৰবৰ।
শুনা পাচ কথা আরু আত অনন্তৰ॥
মহা ভয়ানক কুলাচল সৈন্যগণ।
ৰণস্থলি ঢাকি সবে কৰিল গমন॥
জলস্থল ঋষিৰ অশ্ৰম পৰ্য্যটিয়া
নিৰন্তৰে চলে সবে ৰণক লাগিয়া॥
বিটবিট কৰি বিচাৰিয়া যুড়ি যায়।
অনন্তৰে পাইলা গৈয়া পাণ্ডবৰ ঠাই॥
দেখিলেক গৃহৰ আশ্ৰম মনোহৰ।
ইপাৰে ৰহিলা সবে প্ৰজা নিৰন্তৰ॥
চতুৰ্থ দিনৰ পথ যুড়ি প্ৰজাচয়।
কিচ কিচ কিল কিল আৰাব কৰয়॥