পৃষ্ঠা:কুলাচল বধ.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
কুলাচল বধ।

আনো বিমঙ্গল সব দেখো বহুতৰ।
ইটো স্থান এড়ি আসা গুছোহোঁ সত্বৰ॥
আরু অদভুত বাপু শুনা ভ্ৰাতৃগণ।
যিটো দুই সেনাপতি জপাইলেক ৰণ॥
তিনি অৰ্ব্বুদেক লোক পড়িল ৰণত।
তাৰ জানো সুখে নিদ্ৰা নাসয় মনত॥
কিবা দুই চাৰি দিবসতে দিয়ে ধাৰ।
মিলিবেক ৰণ কুলাচল আমৰাৰ॥
শুনি আছোঁ মহা সিটো দারুণ বিশাল।
তাহান সমান বীৰ নাহি একোকাল॥
এতেকেসে বোলো বাপু মোৰ বোলধৰা।
আন স্থানে যাইবে প্ৰতি সবে মন কৰা॥
শুনি বৃকোদৰে হেন বুলিলা বচন।
হেন কুবাক্য দদা বোলা কিকাৰণ॥
দানৱক ডৰে আমি ফুৰিবোঁ পলাই।
ইসব বচন আরু নোবোলা দুনাই॥
হেন শুনি ধনঞ্জয়ে বুলিলা বচন।
যদিবা আমাৰ দদা মিলয় মৰণ॥
ক্ষত্ৰি হুয়া যিটো মৰণক ডৰাৱয়।
তিৰীতো অধিক তাক ভুজঙ্গ বোলয়॥