পৃষ্ঠা:কুলাচল বধ.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
কুলাচল বধ।

পক্ষিগণে বোলে শুনা জৈমিনি মহন্ত।
প্ৰজাৰ আৰাব পাছে পাণ্ডবে শুনন্ত॥
ধৰ্ম্মৰাজা বোলে ঘোৰ মিলিল সমৰ।
দানবৰ সৈন্যে বেঢ়ি ৰৈল নিৰন্তৰ॥
আজি যোনো ঈশ্বৰৰ কটাক্ষ পড়িল।
পাণ্ডব সবৰ জানো নিকাৰ মিলিল॥
এহি বুলি ৰাজা কৃষ্ণ কৃষ্ণ স্মৰিলন্ত।
অনন্তৰে ৰাজাক অৰ্জ্জুনে মাতিলন্ত॥
আমি চলি যাওঁ দদা দানৱ বধিত।
আমাৰাৰ কিবা দুঃখ মিলয় তহিত॥
এহিবুলি চাৰি মহাবীৰে নমিলন্ত।
আশীষ কৰিয়া ৰাজা সাবটি লৈলন্ত॥
ভীমৰ কান্ধত গদা অতি ভয়ঙ্কৰ।
হাতে ধনুৰ্ব্বাণ যেন রুদ্ৰৰূপে হৰ॥
গাণ্ডীব ধৰিয়া ধনঞ্জয় মহাবলী।
দোগোটা অক্ষয় টোণ পিঠিভাগে তুলি॥
অগনি সমান কৰে প্ৰকাশ কৰয়।
যুগান্তৰ অগ্নি যেন দেখি লাগৈ ভয়॥
হাসো হাসো কৰে বীৰ আনন্দ অপাৰ।
নকুল সহদেব দুয়ো মহা চমৎকাৰ॥