পৃষ্ঠা:কুলাচল বধ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৩
কুলাচল বধ।

সবে বন প্ৰদেশত বিচাৰি ফুৰিবোঁ॥
দুই সেনাপতি মৃত্যু মান্যক সাৰিবোঁ॥
কৰ্ম্মনাশ দুৰ্ম্মুখ বিমল দীৰ্ঘশিৰ।
এহি চাৰি পাত্ৰ তাৰ দুৰ্জ্জয় শৰীৰ॥
বোলে চাৰিপাত্ৰ শুনা কৰি একমন।
আচল মনুষ্য তাক ধৰি এতিক্ষণ॥
ভগনীয়া সেনা চাৰি চলোক লগত।
দেখায়োক মনুষ্যৰ থান যেন মত॥
এহি বুলি আদেশ কৰিয়া দুৰাশয়।
সমাজ ভাঙ্গিয়া ভিতৰক গৈলা তয়॥
পক্ষিগণে বোলে মুনি শুনা পাছে কথা।
হেন শুনি সৈন্য সৰে চলি গৈলা তথা॥
যথাত আছন্ত পাণ্ডুপুত্ৰ চাৰিবীৰ।
মুনি স্থানে আয়াযাত কৰে যুধিষ্ঠিৰ॥
আগে পাছে বহি গৈল দিন দশমান।
একদিন কুন্তীসুতে মাতে সেহিথান॥
বদতি নৃপতি অৰা শুনা চাৰি ভাই।
আমি বিমঙ্গল সবে দেখোঁ ইটোঠাই॥
সোণগুঁই শাঙ্খিনী গৃহত বিৰাজয়।
মুখ চাই ফেরুগেণে আৰাৱ কৰয়॥