পৃষ্ঠা:কুলাচল বধ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
কুলাচল বধ।

বাৰ্ত্তা কহিবাৰ হেতু পলায়া আসিলো।
যেন লাগে কৰা দেব তোমাত কহিলো॥
হেন শুনি কুলাচল দানব দুৰ্জ্জন।
দণ্ড দুই মানে আছে নুবুলি বচন॥
সবাকো শুনায়া পাছে গৰ্জ্জি বহুতৰ।
আচল মনুষ্য আইলা কোনবা দিশৰ॥
দুই মহা সেনাপতি বলে নাহি সম।
কেন মতে আচল মনুষ্য ভৈলা যম॥
নজানোহোঁ তাক কোন বিধাতা সৃজিল।
মোৰ থানে আসি সিটো সৈন্যক মাৰিল॥
মোহোৰ কথাক সিটো শুনি আছে নায়।
সিকাৰণে দুই সেনাপতি মাৰে পায়॥
হা কুঞ্জৰাট সেনাপতি মাজে সাৰ।
যাহাৰ সমান বীৰ বলি নাহি আৰ॥
বন বরুণক কৰিবাক পাৰৈ হত।
কেনে মৰিলেক অল্প মনুষ্য হাতত॥
অতমান সৈন্য মোৰ মাৰিলে কিসক।
জানো কৈত লাগ পাও সিটো মনুষ্যক॥
কিবা পলাই যাৱে মাৰি মোৰ সেনাচয়।
মোহোক ভয়ত কিবা লাগক নেদয়॥