পৃষ্ঠা:কুলাচল বধ.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১১
কুলাচল বধ।

তিনি অৰ্ব্বুদেক সৈন্য সেনাপতি দুই।
পাণ্ডবে মাৰিলা গৈল ভস্মীভূত হুই॥
অনন্তৰে অবশেষ বীৰ গোট চাৰি।
দিনা দশমানে পাইলা ৰাজাৰ ওৱাৰি॥
বহল সমাজে উচ্চাসনৰ উপৰে।
বসিয়া আছয় সিটো মহা আড়ম্বৰে॥
সেহি বেলা ভগনীয়া সেনা বিদ্যমান।
চাৰিটা দানবে যায় কহে সেহি থান॥
আদেশ নৃপতি সবে কাৰ্য্য বিসঙ্গতি।
মনুষ্যে মাৰিলে তযু দুই সেনাপতি॥
তাহাৰ লগত বীৰ যতেক আছিল।
তিনি অৰ্ব্বুদেক সেনা নিগুটি মাৰিল॥
মহা ভয়ানক ৰণ কৰিলেক তথা।
আচল মনুষ্য তাৰ কিকহিবোঁ কথা।
যুধিষ্ঠিৰ ৰাজা হুনু চাৰি ভ্ৰাতৃ তাৰ।
এক গোটা ভীম নাম মহাবলিয়াৰ॥
আরু গোট অৰ্জ্জুন দেখিতে চমৎকাৰ।
নকুল সহদেব দুয়ো সম নাহি আৰ॥
কুঞ্জৰাট সেনাপতি দুহন্তে মাৰিল।
ডিঙ্গিত কাটিলা সিটো গাণ্ডিবে যুঝিল॥