পৃষ্ঠা:কুলাচল বধ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
কুলাচল বধ।

যামল সংহিলা হংসকাকী বহুতৰ।
পুৰাণ মিশ্ৰিত আমি জানো পুৰ্ব্বাপৰ॥
তোমাত কহিবে পাইলো কত ভাগ্য বলে
পৃথিবীৰ লোকে আক পাইবেক সকলে॥
হুইবেক বৈকুণ্ঠ গামী এড়াই দুঃখ ভয়।
আক এক চিত্তে যিটো শ্ৰবণ কৰয়॥
ব্ৰহ্মাৰ আগত কৈলা হংস নাৰায়ণে।
তৰিবেক লোক আৰ শ্ৰবণ কীৰ্ত্তনে॥
ইটো কথা দ্বৈপায়ণ মুনি কহিছন্ত।
আক শুনি ভণি লোকে অমৰ হোৱন্ত॥
পক্ষিগণে বোলে আবে শুনা মুনিবৰ।
যিবেলাত শাপ পাইলা অগস্তি বাউলৰ॥
কুলশীল জ্ঞান রূপ সবে দূৰ গৈল।
এতেকে তাহৰ নাম কুলাচল ভৈল॥
শোভন মনুষ্য দানৱৰ বৃত্তি ভৈল।
এহি কাৰ্য্যে তাৰ কুলাচল নাম থৈল॥
এহিমতে বলে পৰাক্ৰমে দুৰাচাৰ।
খান্তিৰ স্থানৰ হন্তে বাঝ নোহে আৰ॥
দিশে দিশে সেনাপতি সব দিয়া চয়।
পৰদল পাইলে সিটো সকলে মাৰয়॥